॥মোৰ অনুভৱী তুমি॥
তোমাৰ হৃদয়ৰ একোনত
সাজিছো মই আবেলিৰ ৰামধেনু,
তোমাৰ হীমচেঁচা দুৱাহুৰ মাজেৰে
বোৱাইছো যন্ত্রনাৰ জীয়া উশাহ..!
জোনাকৰ স্নিগ্ধতাত ডুৱি থকা
এটি অবুজ আৱেগেৰে,
জিলিকি উঠে তোমাৰ দুচকুত...
অপৰাজিতাৰ এটি আধৰুৱা কবিতা।
সপোনৰ হাতত ধৰি আহিছিলা
এদিন মোৰ হৃদয়ৰ মাজলৈ..
সপোন ভাঙি গৈছিলা
মোক আধৰুৱা কৰি;
এজাক এন্ধাৰৰ পক্ষী হৈ
উৰি গৈছিলা নাহৰৰ দেশলৈ।
মই আধৰুৱা কবিতাটি
শেষ কৰিৱলৈ আকৌ
তোমাক বিছাৰি ফুৰিছিলো।
মই জনা নাছিলো জানা
তেতিয়া যে তুমি মোক এৰি...
বহু দুৰলৈ গুচি গৈছিলা।
কবিতাটি কিজানী আধৰুৱাই
হৈ থাকিৱ নহয়নে?
সেই দৰেই মইয়ো
আধৰুৱা হৈ ৰ'ম জানা?
তোমাৰ অবিহনে?
✍বিপাশা বৰা।