সাঁথৰ সাঁথৰ হৈ যোৱা মোৰ জীৱনটোত
মই একোৱেই নুবুজিলোঁ
সুখী সুখী হৈ থকা মোৰ
প্ৰতিটো পল যে
দুখৰ আছিল মই একোৱেই উম্ পোৱা নাছিলো
সপোনবোৰো ধুমুহাৰ লগতেই উৰি গুচি গল
আশাবোৰো যেন কলিতেই মৰহি
সৰি সৰি গল হৃদয় ভগাৰ সপোনৰ পাহিবোৰ..
মোৰ আপোনবোৰো বিলীন হল দুৰ দিগন্তত
পূৰ্ণিমা জোনটিৰ মুখত কলীয়া ডাৱৰে অভিমান পতাৰ দৰে
মোৰ বুকুত বিষাদেৰে ছানি ধৰিছেহি
জ্বলি থকা চাকি গছি বুকুতেই নুমালে
তুমি নাই বাবেই এতিয়া
জীপাল হৈ থকা হৃদয়খনিও
মৰুভূমি হৈ ৰল মাথোঁ
তুমি কি বুজিবা সাঁথৰ হৈ যোৱা
মোৰ জীৱনগাথা ।।
✍️পৰিণীতা বৰা
#footsteps