চিনাকি চহৰখনৰ বাটে ঘাটে উৰি ফুৰিছে এক অচিন নিচা । | हिंदी कविता

"চিনাকি চহৰখনৰ বাটে ঘাটে উৰি ফুৰিছে এক অচিন নিচা । মোৰ দুচকুত তুমি আৰু তোমাৰ ওঁঠত মই হাঁহি হোৱাৰে পৰাই মোৰ চহৰত জোনাক ফুলিছে । অনামী আৱেশত আমি উতনুৱা হৈছোঁ । এটি এটি মিনিটৰ মূল্য তোমাক পোৱাৰ পিছতহে বুজিছোঁ । আমাৰ ব্যস্ততাৰ সীমা নাই, কামৰ মাজে মাজে তোমাৰ চহৰলৈ সঘন আহ যাহ এতিয়া মোৰ নিচা । কলিজাত ফুলি উঠা তেজৰঙী পলাশৰ কথা নকলোৱেই বা ! সেউজ চুবুৰীত আমাৰ ৰাগি লগা সময়কণ বুকুত সুমুৱাই ললোঁ । ৰি-ৰিয়াই বাজি থাকিল তুমি ভালপোৱা সেই পুৰাতন সুৰ । ©Hirushima Bora"

 চিনাকি চহৰখনৰ বাটে ঘাটে উৰি ফুৰিছে 
এক অচিন নিচা ।
মোৰ দুচকুত তুমি
আৰু তোমাৰ ওঁঠত মই হাঁহি হোৱাৰে পৰাই 
মোৰ চহৰত জোনাক ফুলিছে ।
অনামী আৱেশত আমি উতনুৱা হৈছোঁ ।
এটি এটি মিনিটৰ মূল্য 
তোমাক পোৱাৰ পিছতহে বুজিছোঁ ।
আমাৰ ব্যস্ততাৰ সীমা নাই,
কামৰ মাজে মাজে তোমাৰ চহৰলৈ সঘন আহ যাহ 
এতিয়া মোৰ নিচা ।
কলিজাত ফুলি উঠা 
তেজৰঙী পলাশৰ কথা নকলোৱেই বা !
সেউজ চুবুৰীত আমাৰ ৰাগি লগা সময়কণ
বুকুত সুমুৱাই ললোঁ ।
ৰি-ৰিয়াই বাজি থাকিল
তুমি ভালপোৱা সেই পুৰাতন সুৰ ।

©Hirushima Bora

চিনাকি চহৰখনৰ বাটে ঘাটে উৰি ফুৰিছে এক অচিন নিচা । মোৰ দুচকুত তুমি আৰু তোমাৰ ওঁঠত মই হাঁহি হোৱাৰে পৰাই মোৰ চহৰত জোনাক ফুলিছে । অনামী আৱেশত আমি উতনুৱা হৈছোঁ । এটি এটি মিনিটৰ মূল্য তোমাক পোৱাৰ পিছতহে বুজিছোঁ । আমাৰ ব্যস্ততাৰ সীমা নাই, কামৰ মাজে মাজে তোমাৰ চহৰলৈ সঘন আহ যাহ এতিয়া মোৰ নিচা । কলিজাত ফুলি উঠা তেজৰঙী পলাশৰ কথা নকলোৱেই বা ! সেউজ চুবুৰীত আমাৰ ৰাগি লগা সময়কণ বুকুত সুমুৱাই ললোঁ । ৰি-ৰিয়াই বাজি থাকিল তুমি ভালপোৱা সেই পুৰাতন সুৰ । ©Hirushima Bora

#অসমীয়া_কবিতা

People who shared love close

More like this

Trending Topic