Hirushima Bora

Hirushima Bora

  • Latest
  • Popular
  • Video

গল্প: "অনাহুত" ©Hirushima Bora

#ज़िन्दगी #SunSet  গল্প: "অনাহুত"

©Hirushima Bora

#SunSet

0 Love

ভাললাগে অকলশৰে ভালপোৱাবোৰত ডুবি💚 প্ৰেমৰ নিচা কৰাতো আছে এক সুকীয়া আমেজ🍁 .........✍️হিৰোচিমা ©Hirushima Bora

#कविता #অনুভব #thought  ভাললাগে অকলশৰে 
ভালপোৱাবোৰত ডুবি💚

প্ৰেমৰ নিচা কৰাতো আছে 
এক সুকীয়া আমেজ🍁

          .........✍️হিৰোচিমা

©Hirushima Bora

তুমি উশাহ হৈ ৰোৱা, সপোন হৈ ফুলা, ৰং সিঁচি দিয়া চৌপাশে নীলা, হালধীয়া💙💛 তোমাৰ সোণাৰু হাঁহিত ঠন ধৰি উঠে মোৰ বুকুৰ সেউজ উপত্যকা। ©Hirushima Bora

#कविता #ValentinesDay  তুমি উশাহ হৈ ৰোৱা, 
সপোন হৈ ফুলা, 
ৰং সিঁচি দিয়া চৌপাশে 
নীলা, হালধীয়া💙💛
তোমাৰ সোণাৰু হাঁহিত
 ঠন ধৰি উঠে 
মোৰ বুকুৰ সেউজ উপত্যকা।

©Hirushima Bora

নভাবাকৈয়ে কিছুমান কথা হয়তো হ'ব লগা থাকে আমাৰ জীৱনত। তুমিও ঠিক তেনেকুৱাই। গতানুগতিক জীৱনটোত তুমি যেন কিছু সুখৰ বন্যা। পুৱাৰ এমুঠি কোমল ৰুদালি, এমুঠি হিমচেচাঁ নিয়ৰৰ কণিকা। ©Hirushima Bora

#অনুভৱৰ_পৃষ্ঠা #कविता #Health  নভাবাকৈয়ে কিছুমান কথা হয়তো 
হ'ব লগা থাকে 
আমাৰ জীৱনত। 
তুমিও ঠিক তেনেকুৱাই।
 গতানুগতিক জীৱনটোত তুমি যেন
 কিছু সুখৰ বন্যা। 
পুৱাৰ এমুঠি কোমল ৰুদালি,
 এমুঠি হিমচেচাঁ নিয়ৰৰ কণিকা।

©Hirushima Bora

চিনাকি চহৰখনৰ বাটে ঘাটে উৰি ফুৰিছে এক অচিন নিচা । মোৰ দুচকুত তুমি আৰু তোমাৰ ওঁঠত মই হাঁহি হোৱাৰে পৰাই মোৰ চহৰত জোনাক ফুলিছে । অনামী আৱেশত আমি উতনুৱা হৈছোঁ । এটি এটি মিনিটৰ মূল্য তোমাক পোৱাৰ পিছতহে বুজিছোঁ । আমাৰ ব্যস্ততাৰ সীমা নাই, কামৰ মাজে মাজে তোমাৰ চহৰলৈ সঘন আহ যাহ এতিয়া মোৰ নিচা । কলিজাত ফুলি উঠা তেজৰঙী পলাশৰ কথা নকলোৱেই বা ! সেউজ চুবুৰীত আমাৰ ৰাগি লগা সময়কণ বুকুত সুমুৱাই ললোঁ । ৰি-ৰিয়াই বাজি থাকিল তুমি ভালপোৱা সেই পুৰাতন সুৰ । ©Hirushima Bora

#অসমীয়া_কবিতা #कविता  চিনাকি চহৰখনৰ বাটে ঘাটে উৰি ফুৰিছে 
এক অচিন নিচা ।
মোৰ দুচকুত তুমি
আৰু তোমাৰ ওঁঠত মই হাঁহি হোৱাৰে পৰাই 
মোৰ চহৰত জোনাক ফুলিছে ।
অনামী আৱেশত আমি উতনুৱা হৈছোঁ ।
এটি এটি মিনিটৰ মূল্য 
তোমাক পোৱাৰ পিছতহে বুজিছোঁ ।
আমাৰ ব্যস্ততাৰ সীমা নাই,
কামৰ মাজে মাজে তোমাৰ চহৰলৈ সঘন আহ যাহ 
এতিয়া মোৰ নিচা ।
কলিজাত ফুলি উঠা 
তেজৰঙী পলাশৰ কথা নকলোৱেই বা !
সেউজ চুবুৰীত আমাৰ ৰাগি লগা সময়কণ
বুকুত সুমুৱাই ললোঁ ।
ৰি-ৰিয়াই বাজি থাকিল
তুমি ভালপোৱা সেই পুৰাতন সুৰ ।

©Hirushima Bora

পৃথিৱীৰ আটাইতকৈ বেইমান শব্দ তিনিটাই চুব নোৱাৰা দূৰত্বত মই তোমাৰ বুকুত ফুলিম এজুপি বনৰীয়া এজাৰ হৈ🌸 ©Hirushima Bora

#कविता #holdinghands  পৃথিৱীৰ আটাইতকৈ বেইমান 
শব্দ তিনিটাই চুব নোৱাৰা দূৰত্বত
 মই তোমাৰ বুকুত ফুলিম এজুপি বনৰীয়া এজাৰ হৈ🌸

©Hirushima Bora
Trending Topic