চিনাকি চহৰখনৰ বাটে ঘাটে উৰি ফুৰিছে
এক অচিন নিচা ।
মোৰ দুচকুত তুমি
আৰু তোমাৰ ওঁঠত মই হাঁহি হোৱাৰে পৰাই
মোৰ চহৰত জোনাক ফুলিছে ।
অনামী আৱেশত আমি উতনুৱা হৈছোঁ ।
এটি এটি মিনিটৰ মূল্য
তোমাক পোৱাৰ পিছতহে বুজিছোঁ ।
আমাৰ ব্যস্ততাৰ সীমা নাই,
কামৰ মাজে মাজে তোমাৰ চহৰলৈ সঘন আহ যাহ
এতিয়া মোৰ নিচা ।
কলিজাত ফুলি উঠা
তেজৰঙী পলাশৰ কথা নকলোৱেই বা !
সেউজ চুবুৰীত আমাৰ ৰাগি লগা সময়কণ
বুকুত সুমুৱাই ললোঁ ।
ৰি-ৰিয়াই বাজি থাকিল
তুমি ভালপোৱা সেই পুৰাতন সুৰ ।
©Hirushima Bora
#অসমীয়া_কবিতা