মধ্যবিত্ত
হয়,মই মধ্যবিত্ত
মনত বহু সপোন ৰাখি
কলেজলে বুলি গৈ আছো।
হয়টো প্ৰয়োজনৰ স্বাৰ্থত,
কেতিয়াবা হাজিৰা ঠিকাও কৰিছো।
কিন্তু,কি কৰো!
উপায়টো নাই,যাবই লাগিব
যিহেতু মনত সীমাহীন সপোন।
সপোনবোৰেটো সপোন দেখুৱাই
গৈয়ে থাকিব........
দিথকবৰো যে ইমান স্বাৰ্থপৰ
অলপো কাষেই নাচাপে!
কেতিয়াবা মন যায়
সকলো এৰি গুচি যাবলে।
কিন্তু নাই,মিছলিয়া সপোনবোৰে
আকৌ ৰবলে বাধ্য কৰাই।
দীপক বড়ো
©dipak boro