স্তব্ধ হৈ যাবলৈ দিয়া না
সময় বোৰ।
অনুভৱবোৰ হৈ ৰওঁক দিয়া
চিৰস্হায়ী।
জোনাকী পৰুৱাই সজাই তোলা
এই ৰংমেলাত ,
বিলীন হ'বলৈ দিয়া তোমাৰ চকুজুৰিত ।
নীৰৱ এই নিশাবোৰত
উদয় হ'বলৈ দিয়া ভাল লগা বহু
কথা ......
নিশব্দতাৰ বান্ধোন চিঙি
আজি !!!!!!!!!!!
আজি নাচিব দিয়া না মোৰ কবিতা বোৰক ......
নিৰিবিলি জোনাকৰ স্নিগ্ধ পৰশত
ওমলিবলৈ দিয়া মোৰ অনুভৱবোৰ ।
তোমাৰ মোহিণীবাণৰ চাঁৱনীত বৰ বেয়াকৈ ডুবিছো হে !!
ভিজাই ৰাখানা তোমাৰ ভাল লগা
বৰষুণজাকত ।
জোনাকী পৰুৱাৰ চঞ্চলতাৰ নাচোনবোৰ চোৱা চোন,
বিন্দাছ!! পৃথিৱীৰ অবিৰত যেন নাচিব শিকিছে ।
মোৰ মনৰ বাগিছাৰ মাজেৰে কি যে
এজাক সৌৰভ-আভাৰ নাচোন ।
আহ কি যে এই আবেগ !!
ভালপোৱা বোৰ এনেকৈ ৰৈ যাবলৈ দিয়া
যুগযুগান্তৰ ।
প্ৰেমৰ চিঁয়াহীৰে লিখি ৰাখো বলা
জিজ্ঞাসা বোৰ অনন্তকাললৈ......❤❤
©Priti priyam b.kashyap
Continue with Social Accounts
Facebook Googleor already have account Login Here